Welcome to Srimanta Foundation

Srimanta Foundation for Culture and Society is a charitable Trust working towards upholding and preserving the abiding principles of non-violence and humanism, peace and development, unification and social integration in Assam, the Northeast and other parts of the country. Since its inception and inauguration on April 8, 2003 by the erstwhile Hon’ble Governor of Assam, Lt. General (Rtd.) S.K. Sinha in Guwahati; the Foundation has been striving to spread and realise the egalitarian principles as laid down by Srimanta Sankardev, the sixteenth century Assamese Bhakti saint and social reformer (see link) and the visionary rulers like Chaulung Syukapha and Nara Naryana.

For the last sixteen years we have been working towards building up of social security and capital among the ethnic tribes and non tribes of Assam through innovative programs aimed at social reengineering. To this end, we experiment through dance, music and other art forms as well as research, documentation, seminars, workshops and discussions as media of communication and unification. (see link HISTROY of Foundation).

Latest News 

3 months ago

Srimanta Foundation

শ্রীমন্ত ফাউণ্ডেশ্বন ফৰ ছচাইটি এণ্ড কালচাৰে শংকৰী সংস্কৃতিলৈ বিগত আঠঁটা দশক ধৰি সেৱা আগবঢ়াই থকা ভাৰত-ভূটান সীমান্তৱৰ্তী 'বৰঙাজুলি 'সত্রৰ আতাপুৰুষ ৰূপে সুপৰিচিত, ভকত শিৰোমনি আদি বিভিন্ন উপাধিৰে বিভূষিত শ্রীযুত হৰেকৃষ্ণ মহন্তদেৱক সম্বৰ্ধনা জনায় | শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ বাণীকান্ত কাকতী প্রেক্ষাগৃহত যোৱাকালি অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শ্রীমন্ত ফাউণ্ডেশ্বনৰ্ সভাপতি ড হৰেকৃষ্ণ ডেকা, পৰিচালন ন্যাসৰক্ষী ভাস্তৰজ্যোতি মহন্ত , সম্পাদক দিপাংকৰ মহন্তদেৱে এই সম্বৰ্ধনা অনুষ্ঠানত আতাপুৰুষ হৰেকৃষ্ণ মহন্তদেৱক প্রদান কৰে এখন প্রশস্তি পত্র,শৰাই ,চেলেং চাদৰ,আৰু নগদ 15000 টকা | এই অনুষ্ঠানত গোপাল জালান-মুনজ্যোতি শইকীয়াৰ প্রযোজনা আৰু মঞ্জুল বৰুৱাৰ দ্বাৰা পৰিচালিত আতাপুৰুষজনৰ জীৱন ভিত্তিত নিৰ্মিত এখন তথ্যচিত্র 'এলন ইন ড্য কমবেত জ'ন ' ৰও বিশেষ প্রদৰ্শন কৰা হয় |
শ্রদ্ধেয় হৰেকৃষ্ণ মহন্তদেৱে চল্লিশৰ দশকতে 'খৈৰাবাৰী ' অঞ্চলত সত্র স্হাপন কৰি ,পৰৱৰ্তী কালত বৰঙাজুলি 'সত্রৰ স্হাপনা কৰে আৰু সমগ্র অঞ্চলটোত শংকৰী কলা সংস্কৃতিৰ প্রচাৰ আৰু বিকাশত জীৱন অতিবাহিত কৰিছে | বড়ো,ৰাভা,নেপালী,জনজাতি ,অজনজাতি সকলোকে এক কৰি প্রবল প্রত্যাহ্বান নেওচি ,তেখেতে আজিলৈকে প্রায় ডেৰকুৰি সত্র স্হাপন কৰে | শিক্ষাৰ ক্ষেত্রতও তেওঁৰ অৱদান অতুলনীয়| তেওঁৰ প্রযত্নতে স্হাপিত হয় কেইবাখনো বিদ্যালয় আৰু মহাবিদ্যালয় | তদুপৰি সমাজখনৰপৰা নিচাযুক্ত বস্তুক আতঁৰাই নিকা কৰি আধ্যাত্মিকতাৰ পৰশেৰে সমাজখনক সান্নিধ্য কৰে এই মহানজনে |
শ্রীমন্ত ফাউণ্ডেশ্বনে এনে এজন অতুলনীয় ব্যক্তিক সন্মান জনাবলৈ পাই আনন্দিত হৈছে |
... See MoreSee Less

View on Facebook

4 months ago

Srimanta Foundation
View on Facebook

4 months ago

Srimanta Foundation

" বʼহাগ মাথোঁ এটি ঋতু নহয়
নহয় বʼহাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ
বʼহাগ মাথোঁ বিহুতলী নহয়
নহয় ই নিশা ফুলা ফুল
বʼহাগেই আনি দিয়ে সমদল গতি
নেওচি জাতি কুল "
--- ড০ ভূপেন হাজৰিকা

শ্রীমন্ত ফাউণ্ডেশ্বনে ৰাইজলৈ বহাগ বিহুৰ শুভেচ্ছা আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনাইছে | শ্রীমন্ত ফাউণ্ডেশ্বনৰ অহৰহ প্রচেষ্টা যাতে অসম সদায়ে বাৰেৰহণীয়া কলা সংস্কৃতিৰে জীপাল হৈ থাকে | ৰাইজৰ সহায় সহযোগিতাই আমাৰ সাহস |
... See MoreSee Less

View on Facebook

8 months ago

Srimanta Foundation

শ্রীমন্ত ফাউণ্ডেশ্যনৰ বাবে এটা অভূতপূৰ্ব সাফল্যমণ্ডিত বছৰ 2018 | শ্রীমন্ত ফাউণ্ডেশ্যনৰ অবিৰত প্রয়াসেৰে লাভান্ৱিত হ'ল অসমৰ বহু হাজাৰ থলুৱা লোক|
এই বছৰটোত সম্পাদান হোৱা কিছু মূখ্য কাৰ্য ::
1.
***** স্ৱনিয়োজন আঁচনি আৰু ৰূপায়ন *****

নিৱনুৱা যুবক- যুৱতী সকলৰ বাবে ফাউণ্ডেশ্যনে 2017 চনত হাতত লোৱা "এচ এফ ৰুৰেল লাইভলিহুদ মিশ্যন" প্ৰকল্পৰ আত্মনিয়োজন আচঁনিৰ ৰূপায়ন কৰা হয়| মাজুলীৰ এক বৃহৎ অনগ্ৰসৰ অঞ্চল শিকলি চাপৰিৰ কেইবাখনও গাৱৰ দুখীয়া পৰিয়ালৰ বাবে বিনামূলীয়াকৈ থলুৱা আৰু বৰ্ণসংকৰ ছাগলী বিতৰণ,প্রজনন সমন্ধীয় প্রশিক্ষন,ছাগলীৰ বীমা কৰণ ইত্যাদি সংলগ্ন কায্যসূচূীৰে থলুৱা লোকক আত্ননিয়োজনৰ বাট মুকলি কৰি দিয়া হয় |

2. *******পৰিছন্ন জীৱন -2********
এই আচঁনিৰ অধীনত কেইবাটাও স্তৰত ধেমাজী জিলাৰ আমগুৰি অঞ্চলৰ বটুৱা থানত বহুসংখ্যক সামূহিক শৌচাগাৰ, গা ধোৱা ঘৰ,চলিত পানীৰ সুবিধাৰে নিৰ্মান কৰা হয় |

3. *******সত্র পৰিৱেশ উন্নয়ন প্রকল্প*****
কোকৰাঝাৰ জিলাৰ মদাতী সত্রত পৰিৱেশ উন্নয়ন প্রকল্পৰ অধীনত সত্র পৰিশৰৰ সমূল পৰিৱৰ্তন কৰা হয় | 'ভাৰ্মিকম্পষ্ট প্লেন্ট' স্হাপনৰ লগতে, সত্র পৰিশৰত লাগতিয়াল বৃক্ষৰোপন, জিৰনি ঘৰ, আৰু পানীৰ পাম্প নিৰ্মান কৰা হয় |
4.*******অভিযান নিৰাময়*******
অভিযান নিৰাময়,শ্রীমন্ত ফাউণ্ডেশ্যনৰ একক প্রচেষ্টা,যাৰ জৰীয়তে দক্ষিণ আহঁতগুৰি মৌজাৰ অতিশয় ভিতৰুৱা বান পীড়িত গাৱঁৰ লোকক বিনামূলীয়াকৈ দৰৱ আৰু প্রাথমিক চিকিৎসাৰ যোগান ধৰা হয় |লগতে গাৱঁৰ গৰু ছাগলী আদিক পশু চিকিৎসকৰ দ্ৱাৰা পৰীক্ষা আৰু প্রতিষেধক প্রদান কৰা হয় |

5.*******সাংস্কৃতিক কায্যসূচী ********
শ্রীমন্ত ফাউণ্ডেশ্যনৰ সাংস্কৃতিক মিশ্যনৰ অন্তৰ্গতত ভাদমাহৰ বিস্তাৰিত কায্যসূচী মাজুলীত পালন কৰা হয় |তদুপৰি ধেমাজী সত্রিয়া সাংস্কৃতিক অনুষ্ঠানৰও আয়োজন কৰা হয় |

6.******গৱেষণামূলক কায্য******
শ্রীমন্ত ফাউণ্ডেশ্যনে দিল্লীৰ আম্বেদকাৰ বিশ্ৱবিদ্যালয়ৰ দুগৰাকী গৱেষকক ফাউণ্ডেশ্যনৰ বিষয়মূলক গৱেষণাৰ সুবিধা প্রদানৰ দায়িত্ব লয় |

7.***** অসমৰ ভকতসকলৰ সমীক্ষা ******
শ্রীমন্ত ফাউণ্ডেশ্যনৰ অন্যতম ন্যাসৰক্ষী শ্রীযুত ভাস্কৰজ্যোতি মহন্তদেৱৰ প্রস্তাৱত অসমৰ উদাসীন ভকতসকলৰ সমীক্ষাৰ আঁচনি এই বছৰ আৰম্ভ কৰা হৈছে |2019 চনত এই আচঁনি সম্পূৰ্ণ কৰা হ'ব |
... See MoreSee Less

View on Facebook

11 months ago

Srimanta Foundation
View on Facebook

 

About The Trust & Trustees

The Trust is organized in a three tier structure. The Board of Trustees is the apex decision making body. The Council of Members form the second tier which is also advisory in nature. The third tier comprises of the actual grass root workers referred to as Sanskritic Missions. These Missions implement the programs and activities and form the primary component of the Foundation.